বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৪ গৰাকী লোক। আক্ৰান্ত সকলৰ ৪ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ২.৬৫ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৭ শতাংশ।
আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ২,৪২৪ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ১৫ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ২.৯২ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭৫ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ২৮,০৭৯ গৰাকী।