নিউজ ডেস্কঃ
কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰলৈ সুখবৰ। কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰলৈ সুখবৰ কঢ়িয়াই মাত্ৰ ৩০ দিনতেই কাজিৰঙালৈ আগমন হ’ল ৩৫ হাজাৰ দেশী বিদেশী পৰ্যটকৰ। যোৱা ১৫ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল জীপ ছাফাৰীৰ ৷ শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ তথ্যমতে এই পৰ্যন্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে ৩৫ হাজাৰ দেশী বিদেশী পৰ্যটকে৷ ইয়াৰে ১,২৮০ গৰাকী বিদেশী পৰ্যটক বুলি জানিব পৰা গৈছে ৷ বৰ্তমান বিদেশী পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ হৈ পৰিছে কাজিৰঙা ।