নিউজ ডেস্ক
উৎকট গৰমে দহিছে ৰাজ্যবাসীক । গৰমৰ প্ৰখৰতাৰ বাবে বিভিন্ন ঠাইত বিদ্যালয় সমূহত বহু ছাত্ৰ-ছাত্ৰী সংজ্ঞাহীন হৈ পৰাও দেখিবলৈ পোৱা গৈছে ।বিগত কেইদিন মান ধৰি কামৰূপ মহানগৰ জিলাতো তাপমাত্ৰা বৃদ্ধি পোৱাত ছাত্ৰ-ছাত্ৰী সকলৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে । এক বিশেষ নিৰ্দেশনাৰ জৰিয়তে ৫ জুন অৰ্থাৎ সোমবাৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ পুৱা ৭:৩০ বজাৰ পৰা বিদ্যালয়সমূহত পাঠদান হ’ব বুলি ঘোষণা কৰিছে জিলা প্ৰশাসনে । উল্লেখযোগ্য যে প্ৰাথমিক বিদ্যালয়সমূহত পুৱা ৭:৩০ বজাৰ পৰা পাঠদান আৰম্ভ হৈ দুপৰীয়া ১২ বজাত বিদ্যালয় ছুটী হ’ব । অন্যহাতে মাধ্যমিক বিদ্যালয়সমূহত পুৱা ৭:৩০ বজাৰ পৰা পাঠদান আৰম্ভ হৈ দুপৰীয়া ১২:৩০ বজাত ছুটী হ’ব । একেদৰেই উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পূৱা ৭:৩০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ চলিব পাঠদান ।প্ৰশাসনৰ এই নিৰ্দেশ চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰ বিদ্যালয়তে প্ৰযোজ্য হ’ব। তাপমাত্ৰা হ্ৰাস নোহোৱালৈকে এই নিৰ্দেশ বাহাল থকাৰ কথা ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।।