ইণ্টাৰনেচনেল ডেস্ক:
চুলতান ইব্ৰাহিম মালয়েছিয়াৰ নতুন নৃপতি। নৃপতি হিচাপে পাঁচ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰি নিজ গৃহ ৰাজ্য পাহাঙক নেতৃত্ব দিবলৈ উভতি অহা আল চুলতান আব্দুল্লা চুলতান আহমদ শ্বাহৰ পিছত ৬৫ বছৰীয়া চুলতান ইব্ৰাহিম দেশখনৰ পৰৱৰ্তী নৃপতি ।
দেশখনৰ জোহৰ ৰাজ্যৰ চুলতান ইব্ৰাহিমে বুধবাৰে ৰাজধানী কুৱালালামপুৰৰ ৰাজপ্ৰসাদত অনুষ্ঠিত এক অনুষ্ঠানত দেশখনৰ নতুন নৃপতি হিচাপে শপত গ্ৰহণ কৰে । মালয়েছিয়াত ৰাজতন্ত্ৰই নামমাত্ৰ ভূমিকা পালন কৰে যদিও শেহতীয়া বছৰবোৰত ইয়াৰ প্ৰভাৱ বৃদ্ধি পাইছে। যাৰ ফলত ৰজাই ৰাজনৈতিক অস্থিৰতা দমন কৰিবলৈ বিৰলভাৱে ব্যৱহৃত বিশেষাধিকাৰ ক্ষমতা ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে।
উল্লেখ্য যে, ৰাজতন্ত্ৰৰ এক অনন্য ব্যৱস্থাৰ অধীনত মালয়েছিয়াৰ নটা ৰাজপৰিয়ালৰ মুৰব্বীসকলে পাল পাতি ৰজা হয়। প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে অনুষ্ঠিত এই প্ৰক্ৰিয়াটোক ‘য়াং ডি-পাৰ্টুৱান আগং’ নামেৰে জনাজাত।
ৰাজতন্ত্ৰক বহুলাংশে ৰাজনীতিৰ ওপৰৰ বুলি গণ্য কৰা হয় যদিও চুলতান ইব্ৰাহিম তেওঁৰ স্পষ্টবাদীতা আৰু বিশাল ব্যক্তিত্বৰ বাবে পৰিচিত। প্ৰায়ে দেশৰ ৰাজনৈতিক বিষয়সমূহৰ ওপৰত তীক্ষ্ম নজৰ দিয়া পৰিলক্ষিত হয় চুলতান ইব্ৰাহিমক। বিলাসী গাড়ী আৰু মটৰবাইকৰ বৃহৎ সংগ্ৰহৰ বাবেও পৰিচিত চুলতান ইব্ৰাহিম। ৰিয়েল ইষ্টেটৰ পৰা খননলৈকে বিস্তৃত ব্যৱসায়তো অংশদাৰিত্ব আছে নৱ নিযুক্ত নৃপতিগৰাকীৰ।।