নেচনেল ডেস্ক:
তামিলনাডু মাৰ্চেন্টাইল বেংকৰ পৰিচালন সঞ্চালক তথা মূখ্য কাৰ্যবাহী বিষয়া এছ কৃষ্ণনৰ পদত্যাগ। “ব্যক্তিগত কাৰণ” উল্লেখ কৰি পদত্যাগ কৰে পৰিচালন সঞ্চালক তথা মূখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে। উল্লেখ্য যে, থুথুকুডিস্থিত বেংকটোৱে এজন টেক্সি চালকৰ একাউণ্টত ৯,৯০০০ কোটি টকাৰ ভুল ক্ৰেডিটৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰাৰ এসপ্তাহৰ পাছতে এই পদত্যাগ। এছ কৃষ্ণনৰ পদত্যাগৰ খবৰটো সদৰি কৰে তামিলনাডু মাৰ্চেন্টাইল বেংকে (টিএমবি)।
বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা বৈঠকত ব’ৰ্ডে গ্ৰহণ কৰে কৃষ্ণনৰ পদত্যাগ । লগতে কৃষ্ণনৰ পদত্যাগৰ পত্ৰ ভাৰতীয় ৰিজাৰ্ভ বেংকলৈ প্ৰেৰণ কৰে। খবৰ মতে, আৰ বি আইৰ পৰা নিৰ্দেশনা তথা পৰামৰ্শ নোপোৱালৈকে কৃষ্ণনে বেংকটোৰ পৰিচালন সঞ্চালক তথা মূখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব বহন কৰি যাব।
মনকৰিবলগীয়া যে, চলিত বৰ্ষৰ জুন মাহত আয়কৰ বিভাগে থুথুকুডিস্থিত বেংকৰ মুখ্য কাৰ্যালয়ত অভিযান চলাইছিল। চেন্নাইৰ আয়কৰ চোৰাংচোৱা আৰু অপৰাধ অনুসন্ধান সঞ্চালকালয়ে বেংকটোৰ বিধিগত কাম-কাজৰ স্পট ভেৰিফিকেচন চলাই আছে।।