ৰাজনীতি এৰি পুনৰ খেলপথাৰলৈ যোৱাৰ মন মেলিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰে। লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এক্সযোগে এই কথা সদৰী কৰিলে গম্ভীৰে। শনিবাৰে পুৱাই সামাজিক মাধ্যমযোগে ৰাজনৈতিক দায়িত্বৰ পৰা অব্যাহতি বিচাৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডালৈ আহ্বান জনাই প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে। লগতে ৰাজনৈতি দায়িত্ব দি জনতাক সেৱা কৰাৰ সুবিধা প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে পূৱ দিল্লীৰ সাংসদগৰাকীয়ে।
উল্লেখ্য যে, অহা ২২ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত কলকাতা নাইট ৰাইডাৰছ দলৰ প্ৰশিক্ষকৰ দায়িত্বত আছে গৌতম গম্ভীৰ। ক্ৰিকেট জগতত থকা প্ৰতিশ্ৰুতি আৰু দায়িত্বসমূহ শুচাৰুৰূপে পালন কৰাৰ বাবেই ৰাজনৈতিক দায়িত্বৰ পৰা অব্যাহতি বিচৰা বুলি এক্স যোগে প্ৰকাশ কৰে গম্ভীৰে।
সমগ্ৰ দেশতে লোকসভা নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে গৌতম গম্ভীৰৰ এই সিদ্ধান্তক এতিয়া বহুলোকে বহুধৰণে বাখ্যা কৰিব বিচাৰিছে। একাংশৰ মতে, অনাগত নিৰ্বাচনত গৌতম গম্ভীৰে টিকত পোৱাৰ আশা নাই আৰু সেইবাবেই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
গৌতম গম্ভীৰে ২০১৯ চনৰ মাৰ্চমাহত বিজেপিত যোগদান কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁ দিল্লীত বিজেপি দলটোৰ এজন বিশিষ্ট ব্যক্তি হৈ পৰিছিল। কেৱল দলত যোগদান কৰাই নহয়, ২০১৯ৰ লোকসভা নিৰ্বাচনত তেওঁ পূৱ দিল্লী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াই মুঠ ৬,৯৫,১০৯ টা ভোটৰ ব্যৱধানত জয়ী হৈছিল।
উল্লেখ্য যে, প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰ ২০০৭ চনৰ টি-২০ বিশ্বকাপ আৰু ২০১১ চনৰ এদিনীয়া বিশ্বকাপৰ বিজয়ী দলৰ এজন মুখ্য সদস্য আছিল। ভাৰতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰি গম্ভীৰে মুঠ ২৪২ খন খেলত ভাগ লৈ ২০ টা শতক আৰু ৬৩ টা অৰ্ধশতকৰ সৈতে মুঠ ১০,৩২৪ ৰাণ সংগ্ৰহ কৰিছে।