সমাগত বড়ো জনগোষ্ঠীৰ হেপাহৰ উৎসৱ বৈশাগু।
জ্যেষ্ঠজনক আশীৰ্বাদ গ্ৰহণেৰে বড়োবজাৰত প্ৰাক বৈসাগু উদযাপন ৷
এতিয়া ব’হাগৰ বতৰ আৰু ব’হাগে সকলোৰে বাবে লৈ আনে উৎসৱৰ বতৰা ৷ হেপাঁহৰ ৰঙালী বিহুটিক আদৰাবলৈ ৰাজ্যজুৰি আৰম্ভ হৈছে ব্যাপক উছাহ-উদ্দীপনা। ৰঙালী বিহুৰ সমান্তৰালকৈ আৰম্ভ হৈছে বড়োসকলৰ জাতীয় উৎসৱ ৰংজালী বৈশাগু।
বি টি আৰৰ বড়ো জনগোষ্ঠীৰ মাজতো ৰংজালী বৈশাগুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলোৱাৰ পৰিলক্ষিত হৈছে। ওৰাঙৰ বড়ো বজাৰত অনুষ্ঠিত হৈছে প্ৰাক ৰংজালী বৈশাগু। বড়ো বজাৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ আৰু বড়ো বজাৰ শাখ বড়ো সাহিত্য সভা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে এই প্ৰাক ৰংজালী বৈশাগু অনুষ্ঠান। ভিন্ন জনগোষ্ঠীৰ সংস্কৃতি আৰু বাগুৰুম্বাৰ সুৰৰ মূৰ্চনাৰে মুখৰিত বড়ো বজাৰৰ প্ৰাক বৈসাগুৰ বাকৰি৷ জ্যেষ্ঠ সকলক আৰনাই উপহাৰ দি সেৱা জনায় আৰু আশিৰ্বাদ গ্ৰহণেৰে আৰম্ভ হল প্ৰাক ৰংজালী বৈশাগু৷ উঠি অহা নৱপ্ৰজন্মৰ মাজত সম্প্ৰীতি আৰু বৈশাগুক পৰিচয় কৰাই দিয়াৰ লগতে আন জনগোষ্ঠীৰ সংস্কৃতিক পৰিচয় কৰায় দিয়াৰ এক মহান উদ্দেশ্য আগত ৰাখি পালন কৰা হয় প্ৰাক বৈশাগু।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
You might also like