ৰঙা পানীৰ ৰাগি লাগি ৰঙীন হ’ল মহানগৰী। হোলীৰ দুদিনত মহানগৰীত বিক্ৰী হ’ল অভিলেখসংখ্যক বিলাতী সুৰা। উৎসৱ-পাৰ্বনত সুৰা বিক্ৰীত অভিলেখ গঢ়াটো যেন গুৱাহাটীৰ বাবে এতিয়া নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে। প্ৰতিটো বৰ্ষতেই বিভিন্ন উৎসৱ-পাৰ্বনত বিগত বৰ্ষৰ অভিলেখ ভংগ কৰে গুৱাহাটীৰ সুৰাপায়ীসকলে।
ৰাজ্যৰ আৱকাৰী বিভাগৰ সূত্ৰই জনোৱা তথ্য অনুসৰি, হোলীৰ দুদিনত সমগ্ৰ অসমত বিক্ৰী হৈছে মুঠ ১৮.৫ কোটি টকাৰ বিলাতীসুৰা। তাৰে গুৱাহাটীতেই বিক্ৰী হৈছে মুঠ ১১ কোটি ৮ লাখ টকাৰ সুৰা। ২৫ মাৰ্চত গুৱাহাটীত বিক্ৰী মুঠ ৬ কোটি ৫ লাখ টকাৰ বিলাতী সুৰা আৰু ২৬ মাৰ্চত গুৱাহাটীত বিক্ৰী মুঠ ৪ কোটি ৭ লাখ টকাৰ বিলাতী সুৰা।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Next Post
You might also like