এণ্টাৰটেইনমেণ্ট ডেস্কঃ
ৰাজ্যৰ চলচিত্ৰপ্ৰেমী ৰাইজৰ বাবে বাবে সু-খবৰ। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উজলিল অসমীয়া চলচ্চিত্ৰ টাচলিং লাইফ! অসমৰ গ্ৰাম্য জীৱনৰ আধাৰত নিৰ্মিত এখন ছবিয়ে লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় সন্মান। অসমীয়া চলচ্চিত্ৰৰ চৰ্চা অব্যাহত থকাৰ সময়তে অসমীয়া চলচ্চিত্ৰ জগতলৈ এটি ইতিবাচক খবৰ । দিল্লীত অনুষ্ঠিত হোৱা ডাইমণ্ড কাট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উজলি উঠিল অসমীয়া চলচ্চিত্ৰ টাচলিং লাইফ(Tussling Life) । জানিব পৰা মতে এই চলচ্চিত্ৰখনে বুটলিবলৈ সক্ষম হৈছে সৰ্বমুঠ তিনিটাকৈ বিশেষ সন্মান। শ্ৰেষ্ঠ চিত্ৰনাট্য, শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে টাচলিং লাইফ নামৰ ছবিখনে । ছবিখনত অতীতৰ চহা গ্ৰাম্য জীৱনৰ পৰিৱেশৰ লগতে পৰ্যটন, সাংস্কৃতিক, শিক্ষা, স্বাস্থ্য , জীৱ-জন্তু সংৰক্ষণৰ লগতে প্ৰাকৃতিক পৰিবেশ সংৰক্ষণ আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। প্ৰযোজক মহেন্দ্ৰ বৰুৱাৰ কাহিনীৰে কুমুদ ভটাচাৰ্যই পৰিচালনা কৰা চলচ্চিত্ৰখনে অসমীয়া চলচ্চিত্ৰ জগতলৈ কঢ়িয়াই আনিছে এক ইতিবাচক বাৰ্তা।।