অট্টালিকা ভাঙি নিহত দুজন শ্ৰমিক!

নেচনেল ডেস্ক:

হাৰিয়ানাৰ গুৰুগ্ৰামত শোকাৱহ ঘটনা। চহৰ খনৰ উদ্যোগ বিহাৰ ফেজ ৱানত এটা অট্টালিকা ভাঙি পৰাৰ ফলত নিহত দুজন শ্ৰমিক । আনহাতে, আহত আন এজন শ্ৰমিক।

ইফালে অগ্নি নিৰ্বাপক বাহিনীৰ এজন বিষয়াই জনোৱা মতে অট্টালিকাটোৰ ধ্বংসাৱশেষৰ পৰা মৃত অৱস্থাত এজন আৰু জীৱিত অৱস্থাত উদ্ধাৰ কৰে দুজন শ্ৰমিকক । পিছত গুৰুতৰভাবে আহত এজন শ্ৰমিকৰ চিকিৎসালয়ত মৃত্যু ঘটে।

উল্লেখ্য যে, অট্টালিকাটো ভাঙি পেলোৱাৰ কাম চলি থকা অৱস্থাতে হঠাৎ অট্টালিকাটো ভাঙি যায়। যাৰ ফলত অট্টালিকাটোত কৰ্মৰত একাংশ শ্ৰমিক ধ্বংসাৱশেষৰ তলত পোট যায়।।

You might also like
Leave A Reply

Your email address will not be published.