অতি শীঘ্ৰে বন্ধ হ’ব ৰাজ্যৰ ১১ সহস্ৰাধিক বিদ্যালয়!

শিক্ষাসেতু' এপে উদঙালে ভয়ংকৰ তথ্য!

নিউজ ডেস্ক:

সমৰ শিক্ষাখণ্ডৰ বাবে এক দুঃখবৰ। চৰকাৰৰ ভুল শিক্ষানীতিৰ বাবেই শীঘ্ৰেই বন্ধ হোৱাৰ পথত ৰাজ্যৰ ১১ সহস্ৰাধিক ৰাজহুৱা খণ্ড তথা মাতৃভাষা মাধ্যমৰ বিদ্যালয়। মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ নিঃশেষ কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে শিক্ষাবিভাগ। ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত প্ৰতিবছৰে হ্ৰাস পাইছে শিক্ষাৰ্থীৰ সংখ্যা। শিক্ষাসেতু এপৰ তথ্যত পোহৰলৈ আহিছে এই তথ্য।

প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যৰ ৩১খন বিদ্যালয়ত ১জনকৈ শিক্ষাৰ্থী থকাৰ বিপৰীতে ৬৫খন বিদ্যালয়ত আছে মাত্ৰ দুগৰাকীকৈ ছাত্ৰ-ছাত্ৰীহে। আনহাতে ৰাজ্যৰ ১১ হাজাৰ ২শ ৭২খন বিদ্যালয়ত আছে ৩০জনতকৈ কম শিক্ষাৰ্থী। এই তথ্যৰ আধাৰতে বিভাগে বিদ্যালয়সমূহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যাৰ ফলত অসমত নাইকিয়া হ’ব ১১ সহস্ৰাধিক মাতৃভাষা মাধ্যমৰ বিদ্যালয়।

You might also like
Leave A Reply

Your email address will not be published.