আজি ২২ ছেপ্টেম্বৰ

▶️১১২২ চনৰ আজিৰ দিনটোতেই জাৰ্মানীৰ ৱৰ্মছত হোৱা সন্ধিৰ পিছত গীৰ্জাৰ ক্ষমতাক লৈ পোপ আৰু সম্ৰাটৰ বিবাদৰ অন্ত।
▶️১৫৩৯ চনৰ এই দিনটোতেই শিখ ধৰ্ম প্ৰচাৰক গুৰু নানকৰ মহাপ্ৰয়াণ।
▶️১৫৯৯ চনৰ আজিৰ দিনটোতেই পূব, দক্ষিণ-পূব এছিয়া আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত বেহা-বেপাৰৰ উদ্দেশ্যে ইংলেণ্ডত যুটীয়া মূলধনৰ ব্যৱসায়িক প্ৰতিষ্ঠান ইষ্ট ইণ্ডিয়া কোম্পানী গঠন। একে বছৰৰে ৩১ ডিচেম্বৰত ইংলেণ্ডৰ ৰাণীয়ে কোম্পানীটোক উপৰিউক্ত অঞ্চলত ব্যৱসায় কৰাৰ একচেটিয়া অধিকাৰ প্ৰদান কৰিছিল।
▶️১৭৯০ চনৰ এই দিনটোতেই ইংৰাজ বিজ্ঞানী মাইকেল ফেৰাডেৰ জন্ম হৈছিল।
▶️১৭৯২ চনৰ এই দিনটোতেই ফ্ৰান্সত প্ৰথম ৰাজতন্ত্ৰ প্ৰতিষ্ঠা।
▶️১৯৩৭ চনৰ এই দিনটোতেই চীনৰ কমিউনিষ্ট পাৰ্টীয়ে গ্ৰহণ কৰা এক সিদ্ধান্তৰ পৰিনতিত দহ বছৰজোৰা গৃহযুদ্ধৰ অৱসান ঘটিছিল।
▶️১৯৯০ চনৰ এই দিনটোতেই চীনৰ বেইজিঙত একাদশ এছিয়ান গেমছ আৰম্ভ হৈছিল।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই ছোভিয়েট যুক্তৰাষ্ট্ৰৰ ৯৫ শতাংশ ভোটদাতাৰ স্বাধীন আৰু গণতান্ত্ৰিক আৰ্মেনিয়া গঠনৰ সপক্ষে ৰায়দান।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰৰ প্ৰসিদ্ধ অভিনেত্ৰী দূৰ্গা খোটেৰ মৃত্যু।
▶️২০০২ চনৰ আজিৰ দিনটোতেই ডঃ ভৱেন্দ্ৰনাথ শইকীয়াক কমল কুমাৰী বঁটা প্ৰদান।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই গুৱাহাটীৰ পৰা শ্বিলং অভিমুখী এখন পৱনহংস হেলিকপ্টাৰ বৰাপানীত দূৰ্ঘটনাত পতিত হৈ মেঘালয়ৰ তদানীন্তন গ্ৰামোন্নয়ন মন্ত্ৰী চীপ্ৰিয়ান চাংমাসহ দহগৰাকী লোকৰ মৃত্যু ঘটিছিল।।

You might also like
Leave A Reply

Your email address will not be published.