কানাডাত গেংৱাৰত গুলীয়াই হত্যা পঞ্জাৱৰ কুখ্যাত গেংষ্টাৰ সুখা ডোনেক!

গেংষ্টাৰ লৰেঞ্চ বিষ্ণইয়ে সুখা ডোনেকক হত্যা কৰাৰ দায়িত্ব স্বীকাৰ

ইণ্টাৰনেচনেল ডেস্ক:

কানাডাত গেংৱাৰত গুলীয়াই হত্যা পঞ্জাৱৰ কুখ্যাত গেংষ্টাৰ সুখা ডোনেক। কানাডাৰ পৰা চোৰাংচোৱাৰ তথ্য অনুসৰি বুধবাৰে নিশা গেংৱাৰত মৃত্যু হয় মোগা জিলাৰ দবিন্দৰ বাম্বিহা গেঙৰ সুখদৌল সিং ওৰফে সুখা ডোনেৰ। এক অসমৰ্থিত খবৰ অনুসৰি গেংষ্টাৰ সুখাৰ মৃত্যু হয় কানাডাৰ ৱিনিপেগত। ২০১৭ চনত জাল নথি-পত্ৰৰ সহায়ত ভাৰতৰ পৰা কানাডালৈ পলায়ন কৰা NIAৰ ৱাণ্টেড অপৰাধী ডোনেকৰ বিৰুদ্ধে ৭টা অপৰাধমূলক গোচৰ ৰুজু হৈছিল।

ইফালে গেংষ্টাৰ লৰেঞ্চ বিষ্ণইয়ে সুখা ডোনেকক হত্যা কৰাৰ দায়িত্ব স্বীকাৰ কৰিছে। সামাজিক মাধ্যম ফেচবুকত দিয়া এক প’ষ্টৰ জৰিয়তে এই কথা স্বীকাৰ কৰে লৰেঞ্চ বিষ্ণইয়ে। ​বিষ্ণইৰ গেঙৰ সদস্য গুৰলাল ব্ৰাৰ আৰু বিকিক বিদেশত হত্যা কৰাত সুখা ডোনেক জড়িত থকাৰ অপৰাধত সংঘটিত কৰে এই হত্যাকাণ্ড।।

You might also like
Leave A Reply

Your email address will not be published.