অৱশেষত মৃত্যুৰে হাৰ মানিলে গ্ৰুপ কেপ্টেইনে!

মৃত্যুৰ সৈতে এসপ্তাস যুঁজ দি অৱশেষত আজি ৰাতিপুৱা নিয়তিৰ ওচৰত হাৰ মানিলে গ্ৰুপ কেপ্টেইন বৰুণ সিঙে। টুইটাৰ যোগে এই দুঃখবৰ সদৰি কৰিলে ভাৰতীয় বায়ু সেনাই (IAF)। উল্লেখ্য যে, গ্ৰুপ কেপ্টেইন বৰুণ সিঙ শেহতীয়াকৈ শৌৰ্য চক্ৰ সন্মানেৰে বিভূষিত হৈছিল।

যোৱা ৮ ডিচেম্বৰত দেশৰ প্ৰথম চিডিএছ বিপিন ৰাৱাটকে ধৰি অভিশপ্ত এমআই-১৭ ভি৫ হেলিকপ্টাৰ খনত থকা ১৪ গৰাকী লোকৰ ভিতৰত ১৩ গৰাকীয়েই দুৰ্ঘটনাগ্ৰস্ত হৈ প্ৰান হেৰুৱাইছিল যদিও গ্ৰুপ কেপ্টেইন বৰুণ সিঙক অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছিল। তাৰ পাছৰে পৰাই বাংগালুৰুৰ ক’মাণ্ড হস্পিতালত চিকিৎসাধীন হৈ আছিল সেনা বিষয়া গৰাকী।।

You might also like
Leave A Reply

Your email address will not be published.