আজি ১৫ অক্টোবৰ

▶️খ্ৰীষ্টপূৰ্ব ৭০ ৰোমৰ মহাকবি ভাৰ্জিলৰ জন্ম।
▶️১৫৪১ চনৰ আজিৰ দিনটোতেই মোগল সম্ৰাট আকবৰৰ জন্ম।
▶️১৬০৬ চনৰ ১৫ অক্টোবৰত ইটালীৰ পদাৰ্থবিদ, বেৰোমিটাৰৰ আৱিষ্কাৰক ইভানজেলিষ্টা টৰিচেলিৰ জন্ম।
▶️১৮৭৪ চনৰ আজিৰ দিনটোতেই সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাৰ জন্ম।
▶️১৯১৭ চনৰ আজিৰ দিনটোতেই মহিলা গুপ্তচৰ মাতাহাৰী ফৰাচী সেনাৰ গুলীত নিহত হৈছিল। নিপুণ নৰ্তকী মাতাহাৰীয়ে প্ৰথম মহাসমৰত জাৰ্মানীৰ চোৰাংচোৱাৰূপে বিশেষ খ্যাতি অৰ্জন কৰিছিল।
▶️১৯৩১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি,’মিছাইল মেন’ খ্যাত এ পি জে আব্দুল কালামৰ জন্ম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.