মুম্বাইত বৃহৎ পৰিমানৰ সোন উদ্ধাৰ!

নেচনেল ডেস্ক:

মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বৃহৎ পৰিমানৰ সোন উদ্ধাৰ। আদিছ আবাবাৰ পৰা অহা এজন ভাৰতীয় যাত্ৰীৰ পৰা জব্দ কৰা হয় ৮.৪০ কোটি টকাৰ সোনৰ বিস্কুট। এক গোপন সূত্ৰৰ পম খেদি বিমানবন্দৰ শুল্ক বিভাগৰ বিষয়াসকলে ইথিওপিয়ান এয়াৰলাইন্সৰ এখন বিমানেৰে অহা লোকজনক আটক কৰে। প্ৰায় ১৬ কিলোগ্ৰাম ওজনৰ সোনখিনি বিশেষভাৱে ডিজাইন কৰা কঁকালৰ বেল্টত লুকুৱাই ৰাখিছিল। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।।

You might also like
Leave A Reply

Your email address will not be published.