আজি ১৮ ছেপ্টেম্বৰ

▶️১৭০৯ চনৰ এই দিনটোতেই ইংৰাজ ভাষাতত্ববিদ, কবি-সমালোচক ছেমুৱেল জনছনৰ জন্ম হৈছিল।
▶️২০০৭ চনৰ আজিৰ দিনটোতেই মাৰুতি উদ্যোগৰ নাম সলনি কৰা হৈছিল মাৰুতি ছুজুকি ইণ্ডিয়া লিমিটেড ৰূপে।
▶️১৯২৪ চনৰ এই দিনটোতেই হিন্দু-মুছলমানৰ ঐক্যৰ হকে মহাত্মা গান্ধীৰ অনশন আৰম্ভ। ২১ দিন ধৰি চলিছিল এই অনশন।
▶️১৯৬৭ চনৰ আজিৰ দিনটোতেই ইংৰাজী ভাষাক নাগালেণ্ডৰ চৰকাৰী ভাষা ৰূপে গ্ৰহণ।
▶️১৯৮৮ চনৰ এই দিনটোতেই ব্ৰহ্মদেশত সেনা অভ্যুত্থান।দেশখনৰ নিয়ন্ত্ৰণ সেনাৰ হাতলৈ।দেশখনৰ নামো সলনি কৰি নতুন নাম ৰখা হৈছিল ম্যানমাৰ।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই ছোভিয়েট যুক্তৰাষ্ট্ৰৰ পৰা বিচ্ছিন্ন হোৱা দেশ লাটভিয়া,এষ্টোনিয়া আৰু লিথুৱানিয়াৰ ৰাষ্ট্ৰসংঘৰ সদস্য পদ লাভ।
▶️১৯৫৯ চনৰ আজিৰ দিনটোতেই ভাৰতীয় চলচ্চিত্ৰৰ প্ৰসিদ্ধ অভিনেত্ৰী শ্বাৱানা আজমীৰ জন্ম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.