আপদীয়া ৰোগৰ ঔষধ চিয়া বীজ!

এই বীজবোৰ হৈছে ভিটামিন, খনিজ, অমেগা-৩ ফেটি এচিড, আঁহ, প্ৰ'টিন, এণ্টিঅক্সিডেণ্ট আৰু কেলচিয়ামৰ এক উৎকৃষ্ট ভঁৰাল

নিউজ ডেস্কঃ

পুষ্টিসমৃদ্ধ চিয়া ছীডছ বা চিয়া বীজ স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী।সৰু সৰু এই বীজবোৰ হৈছে ভিটামিন, খনিজ, অমেগা-৩ ফেটি এচিড, আঁহ, প্ৰ’টিন, এণ্টিঅক্সিডেণ্ট আৰু কেলচিয়ামৰ এক উৎকৃষ্ট ভঁৰাল। এই বীজত কেলচিয়ামৰ পৰিমাণ গাখীৰতকৈও পাঁচগুণ বেছি বুলি জানিব পৰা গৈছে। তথা পালেং শাকতকৈ দুগুণ বেছি আইৰণ পোৱা যায় চিয়া বীজত ।
চিয়া বীজত পোৱা এণ্টিঅক্সিডেণ্টবোৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। ইয়াত পোৱা আঁহ আৰু ফাইটোকেমিকেলে কৰ্কট ৰোগৰ প্ৰতিৰোধক হিচাপে কাম কৰে বুলি বহু গৱেষণাত প্ৰমাণ পোৱা গৈছে । এই বীজবোৰ ওজন নিয়ন্ত্ৰণৰ বাবেও অতিকৈ উপকাৰী বুলি গণ্য কৰা হয়। ইয়াক ৰাতিপুৱাৰ আহাৰত অন্তৰ্ভূক্ত কৰিলে দীৰ্ঘ সময়লৈকে ই ভোক নিৰাময় কৰি ৰাখে। এই বীজত থকা কেলচিয়ামে হাড় শক্তিশালী কৰাতো সহায় কৰে। ইয়াৰোপৰি কলেষ্টেৰল, ডায়েবেটিচ, কোষ্ঠকাঠিন্যৰ দৰে সমস্যাসমূহৰ পৰাও সকাহ প্ৰদান কৰে চিয়া বীজে।

You might also like
Leave A Reply

Your email address will not be published.