জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা

উদ্ধাৰ বুজন পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ

নেচনেল ডেস্ক:

ম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা। কুপৱাৰা জিলাত নিৰাপত্তা বাহিনীয়ে ধংস কৰিবলৈ সক্ষম হয় সন্ত্ৰাসবাদীৰ আত্মগোপনস্থলী। অভিযানস্থলীৰ পৰা নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰে বুজন পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ। উত্তৰ কাশ্মীৰ জিলাৰ হাণ্ডৱাৰা অঞ্চলৰ ৱাডেৰ বালাত চলিছিল এই তালাচী অভিযান।

অভিযানকালত নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰে দুটা A K 47 ৰাইফল, এটা A K 56 ৰাইফল, ১৬টা A K চিৰিজৰ মেগজিন, ৩২৮ জাঁই A K চিৰিজৰ গুলী, এটা পিষ্টল, দুটা পিষ্টলৰ মেগজিন, তিনিটা পিষ্টলৰ গুলী, এটা UBGL ( আন্দাৰ বেৰেল গ্ৰেনেড লঞ্চাৰ ) আৰু চাৰিটা UBGL ৰ গুলীকে ধৰি বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।।

You might also like
Leave A Reply

Your email address will not be published.