যশস্বী লেখক গুৰমাইল সিঙলৈ ‘সাহিত্য বঁটা’ সন্মান!

'সপোনৰ সদাগৰৰ সন্ধানত' উপন্যাসখনৰ বাবে এই সন্মান

নিউজ ডেস্ক:

সাহিত্য চর্চা কেন্দ্র, অসমে গোৱালপাৰা জিলাৰ পটভূমি অথবা জিলাখনৰ কোনো ব্যক্তি বিশেষৰ জীৱন-কর্ম আধাৰিত সাহিত্য কর্মৰ বাবে প্রতি বছৰে একোগৰাকীকৈ লেখকক ‘সাহিত্য বঁটা’ প্ৰদান কৰি আহিছে। অনুষ্ঠানটোৱে ২০২৩ বৰ্ষৰ ‘সপোনৰ সদাগৰৰ সন্ধানত’ উপন্যাসখনৰ বাবে যশস্বী লেখক গুৰমাইল সিঙলৈ আগবঢ়াইছে ‘সাহিত্য বঁটা’ সন্মান। চৰকাৰী চাকৰি সূত্ৰে আজি কিছু বছৰ আগতে মাত্ৰ কেইমাহমানৰ বাবে গোৱালপাৰা চহৰত কটাইছিল গুৰমাইল সিঙে। সেই কেইটামান মাহতে তেখেতে গোটেই চহৰখনৰ লগতে তাৰ আশে পাশে থকা স্থানক লৈ লিখি উলিয়াইছিল এখন মনোৰম উপন্যাস। গোৱালপাৰাক বিষয় হিচাবে লৈ লিখি উলিওৱা গুৰমাইল সিঙৰ ‘সপোনৰ সদাগৰৰ সন্ধানত’ গ্ৰন্থখনৰ বাবে তেখেতক সাহিত্য চর্চা কেন্দ্র, অসমে অহা ২০ অক্টোবৰত আজাৰাত অনুষ্ঠিত হ’বলগীয়া ‘শৰতৰ দুপৰীয়া’ অনুষ্ঠানত আনুষ্ঠানিকভাবে সাহিত্য বঁটা-২০২৩’ প্রদান কৰিব। সাহিত্য চর্চা কেন্দ্র, অসমৰ যুটীয়া সম্পাদক ডঃ পৰিতোষ চক্রবর্তী আৰু ডঃ ভবেশ দাসে এক গ্রেছ বিজ্ঞপ্তিযোগে এই কথা সদৰি কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.