আজি ২৩ ডিচেম্বৰ

➡️১৯১২ চনৰ আজিৰ দিনটোতে ভাৰতৰ ভাইচৰয় লৰ্ড হাৰ্ডিঞ্জ আততায়ীৰ বোমাত দিল্লীত নিহত হৈছিল।
➡️১৯২১ চনৰ এই দিনটোতে শান্তিনিকেতনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিশ্বভাৰতী আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছিল। অৱশ্যে ১৯১৮ চনতে স্থাপিত হৈছিল বিশ্বভাৰতী।
➡️১৯৫২ চনৰ ২৩ ডিচেম্বৰ তাৰিখে অসম আন্দোলনৰ নেতা, প্ৰক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ জন্ম হৈছিল।
➡️১৯৬৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম বতৰ নিৰীক্ষক উপগ্ৰহ ‘মেনকা’ৰ সফল উৎক্ষেপন সম্পন্ন হৈছিল।
➡️১৯৯৩ চনৰ ২৩ ডিচেম্বৰ তাৰিখে তদানীন্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ তৎপৰতাত ‘প্ৰধানমন্ত্ৰী স্থানীয় এলেকা উন্নয়ন প্ৰকল্প’ ঘোষণা কৰা হৈছিল। এই প্ৰকল্পৰ জৰিয়তে প্ৰতিগৰাকী সাংসদক নিজ নিজ এলেকাৰ উন্নয়নৰ বাবে এক কোটি টকা মঞ্জুৰ কৰাৰ দিহা কৰা হৈছিল।
➡️১৯৯৯ চনৰ এই দিনটোতে ‘বিপন্ন সময়’ উপন্যাসৰ বাবে মেদিনী চৌধুৰীলৈ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছিল।
➡️২০০০ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ প্ৰখ্যাত কন্ঠশিল্পী নুৰজাহানৰ মৃত্যু হৈছিল।
➡️২০০২ চনৰ ২৩ ডিচেম্বৰ তাৰিখে বিশিষ্ট সাহিত্যিক ডঃ সৰ্বেশ্বৰ ৰাজগুৰুৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.