আজি ২৪ ডিচেম্বৰ

➡️১৫২৪ চনৰ ২৪ ডিচেম্বৰ তাৰিখে ভাৰতৰ কোচিত ভাস্কো ডা-গামাৰ মৃত্যু হৈছিল।
➡️১৮১৮ চনৰ আজিৰ দিনটোতে ইংৰাজ পদাৰ্থবিদ জেমছ প্ৰেছকট জুলৰ জন্ম হৈছিল।
➡️১৯০৬ চনৰ ২৪ ডিচেম্বৰ তাৰিখে আমেৰিকাত ৰেডিঅ’যোগে প্ৰথম অনুষ্ঠান প্ৰচাৰ আৰম্ভ কৰা হৈছিল।
➡️১৯২৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় কন্ঠশিল্পী মহম্মদ ৰফিৰ জন্ম হৈছিল।
➡️১৯৭৭ চনৰ আজিৰ দিনটোতে কবি নলিনীবালা দেৱীৰ মৃত্যু হৈছিল।
➡️১৯৮৫ চনৰ ২৪ ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত হাজাৰ হাজাৰ লোকৰ সন্মুখত প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অগপৰ শপত গ্ৰহণ।ছাত্ৰ ৰাজনীতিৰ পৰা পোনে পোনে মুখ্যমন্ত্ৰী পদত বহিছিল প্ৰফুল্ল কুমাৰ মহন্ত।
➡️২০০০ চনৰ আজিৰ দিনটোতে বিশ্বনাথন আনন্দৰ বিশ্ব দবা চেম্পিয়নশ্বিপ অৰ্জন।
➡️২০০১ চনৰ ২৪ ডিচেম্বৰ তাৰিখে অসমৰ খনিন শইকীয়াই ১৯ বছৰ অনুৰ্ধ্ব বিশ্বকাপ ক্ৰিকেটত স্থান লাভ কৰিছিল।

You might also like
Leave A Reply

Your email address will not be published.