আজি ২৯ ছেপ্টেম্বৰ

➡️১৫৪৭ চনৰ আজিৰ দিনটোতে স্পেইনৰ ঔপন্যাসিক ছাভেদ্ৰা মিণ্ডৱেল ডি কাৰ্ভেণ্টিছৰ জন্ম হৈছিল।
➡️১৭২৫ চনৰ ২৯ ছেপ্টেম্বৰত ইংৰাজ সৈনিক, পিছলৈ ব্ৰিটিছ অধিকৃত ভাৰতৰ প্ৰশাসক ৰবাৰ্ট ক্লাইভৰ (লৰ্ড ক্লাইভ নামেৰেও জনাজাত) জন্ম হৈছিল।
➡️ব্ৰিটিছ নৌ সেনাধ্যক্ষ হোৰেচিঅ’ নেলচনৰ জন্ম হৈছিল ১৭৫৮ চনৰ ২৯ ছেপ্টেম্বৰত।
➡️১৯০১ চনৰ আজিৰ দিনটোতে ইটালীৰ নিউক্লীয় পদাৰ্থ-বিজ্ঞানী এনৰিকো ফাৰ্মিৰ জন্ম হৈছিল।
➡️১৯১৩ চনৰ ২৯ ছেপ্টেম্বৰত জাৰ্মান অভিযন্তা, ডিজেল ইঞ্জিনৰ আৱিষ্কাৰক ৰুডলফ ডিজেলৰ জন্ম হৈছিল।
➡️আৰতি সাহাই ইংলিছ চেনেল সাঁতুৰি অতিক্ৰম কৰিছিল ১৯৫৯ চনৰ ২৯ ছেপ্টেম্বৰত। ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা তেৱেঁই প্ৰথম ভাৰতীয় মহিলা।
➡️১৯৬২ চনৰ ২৯ ছেপ্টেম্বৰত কলকাতাত ভাৰতৰ প্ৰথমটো প্লেনেটেৰিয়াম মুকলি কৰা হৈছিল ।
➡️১৯৭৭ চনৰ আজিৰ দিনটোতে গংগাৰ পানী বিতৰণক লৈ ভাৰত আৰু বাংলাদেশৰ মাজত এক চুক্তি স্বাক্ষৰিত হৈছিল।
➡️১৯৮১ চনৰ ২৯ ছেপ্টেম্বৰত সাহিত্যিক দেৱেন্দ্ৰনাথ আচাৰ্যৰ মৃত্যু হৈছিল।
➡️দক্ষিণ কোৰিয়াৰ বুছানত চতুৰ্দশ এছিয়ান গেমছ আৰম্ভ হৈছিল ২০০২ চনৰ ২৯ ছেপ্টেম্বৰত। এই ক্ৰীড়া সমাৰোহ ১৪ অক্টোবৰলৈকে চলিছিল।
➡️২০০৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেট কণ্ট্ৰ’ল ব’ৰ্ড (বি চি চি আই)ৰ নতুন সভাপতি ৰূপে ৰণবীৰ সিং মহেন্দ্ৰ নিৰ্বাচিত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.