আজি ২ অক্টোবৰ

➡আজি বিশ্ব অহিংসা দিৱস।
➡১৮৬৯ চনৰ আজিৰ দিনটোতে গুজৰাটৰ পোৰবন্দৰত মহাত্মা গান্ধী (মোহন দাস কৰমচান্দ গান্ধী)ৰ জন্ম হৈছিল।
➡১৯০৪ চনৰ ২ অক্টোবৰত ভাৰতৰ দ্বিতীয় প্ৰধান মন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম হৈছিল।
➡যশস্বী চিত্ৰশিল্পী ৰাজা বাৰ্মাৰ মৃত্যু হৈছিল ১৯০৬ চনৰ ২ অক্টোবৰত।
➡১৯২৫ চনৰ ২ অক্টোবৰত স্কটলেণ্ডৰ যন্ত্ৰবিদ লোগি বেয়াৰ্ডে টেলিভিছন আৱিষ্কাৰ কৰিছিল ।
➡কবি নিত্যা দত্তৰ জন্ম হৈছিল ১৯৩৫ চনৰ ২ অক্টোবৰত।
➡১৯৫১ চনৰ ২ অক্টোবৰত শ্যামপ্ৰসাদ মুখাৰ্জীৰ উদ্যোগত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠা হৈছিল।
➡১৯৬৮ চনৰ আজিৰ দিনটোতে সাপ্তাহিক ‘নীলাচল’ৰ প্ৰথম প্ৰকাশ হৈছিল ।
➡অভিনেত্ৰী ইলা কাকতিৰ মৃত্যু হৈছিল ২০০৩ চনৰ ২ অক্টোবৰত।
➡২০০৩ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাৰ সাহিত্যিক জন মেক্সৱেল কোৱেটজীলৈ সাহিত্যৰ ন’বেল বঁটা আগবঢ়োৱা হৈছিল।
➡২০০৭ চনৰ ২ অক্টোবৰত মহাত্মা গান্ধীক ন’বেল বঁটা নিদিয়াটো ভূল আছিল বুলি ন’বেল ফাউণ্ডেচনে স্বীকাৰ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.