নগাঁৱৰ নাৰামাৰী চাৰিআলীৰ পৰা হেৰ’ইনসহ সৰৱৰহকাৰীক আটক!

নিউজ ডেস্ক:

দুৰ্গোৎসৱৰ মাজতে নগাঁৱৰ নাৰামাৰী চাৰিআলীৰ পৰা হেৰ’ইনসহ সৰৱৰহকাৰীক আটক। গোপন সূত্ৰৰ পমখেদি নগাঁও সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নাৰামাৰী চাৰিআলিত অভিযান চলাই চৰিফুল ইছলাম নামৰ এটা ড্ৰাগছ সৰৱৰাহকাৰীক আটক কৰাৰ লগতে এটা চাবোনৰ বাকচ ভৰ্তি সন্দেহজনক হে’ৰইন জব্দ কৰিবলৈ সক্ষম হয়। ধৃত সৰৱৰহকাৰীটোৰ ঘৰ নাৰামাৰীত বুলি জানিব পৰা গৈছে। সম্প্ৰতি অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.