আজি ৪ আগষ্ট

➡️১৭৯২ চনৰ আজিৰ দিনটোতে ইংৰাজ ৰোমাণ্টিক কবি শ্বেলীৰ জন্ম হৈছিল।
➡️১৮৭৫ চনৰ এই দিনটোতে ডেনমাৰ্কৰ কবি আৰু ৰূপকথাকাৰ হানছ এণ্ডাৰছনৰ মৃত্যু হৈছিল।
➡️১৮৫৯ চনৰ ৪ আগষ্ট তাৰিখে নৰৱেৰ ঔপন্যাসিক ন্যুট পেডাৰছন হামছুনৰ জন্ম হৈছিল। ‘হাংগাৰ’ তেওঁৰ বিখ্যাত উপন্যাস। ১৯২০ চনত হামছুনে লাভ কৰে সাহিত্যৰ নোবেল বঁটা।
➡️১৯১৪ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ বিৰুদ্ধে ইংলেণ্ডৰ যুদ্ধ ঘোষণা। প্ৰথম মহাসমৰ আৰম্ভ।
➡️১৯২৯ চনৰ এই দিনটোতে প্ৰখ্যাত কন্ঠশিল্পী কিশোৰ কুমাৰৰ জন্ম হৈছিল।
➡️১৯৩৭ চনৰ ৪ আগষ্ট তাৰিখে জেনেৰেল ফ্ৰাংকোৰ নিজকে স্পেইনৰ প্ৰধান মন্ত্ৰী তথা সামৰিক বাহিনীৰ সৰ্বাধিনায়ক ৰূপে ঘোষণা।
➡️১৯৬৫ চনৰ আজিৰ দিনটোতে অসমীয়া দৈনিক বাতৰিকাকত ‘দৈনিক অসম’ৰ প্ৰথম প্ৰকাশ। প্ৰথম সম্পাদক আছিল কীৰ্তিনাথ হাজৰিকা।
➡️১৯০০ চনৰ এই দিনটোতে ব্ৰিটেইনৰ ৰাণী মাতৃ এলিজাবেথৰ জন্ম হৈছিল।

You might also like
Leave A Reply

Your email address will not be published.