আৰক্ষীৰ জালত ড্ৰাগছসহ দুই কুকি উগ্ৰপন্থী!

মণিপুৰত আৰক্ষীৰ জালত ড্ৰাগছসহ দুই কুকি উগ্ৰপন্থী।মঙলবাৰে মণিপুৰৰ কাকচিং জিলাৰ পেলেল আৰক্ষী থানাৰ ওচৰত এখন অসমৰ পঞ্জীয়ন নম্বৰ থকা চাৰিচকীয়া বাহনত যাত্ৰা কৰি থকা অৱস্থাত আটক কৰা হৈছিল দুই কুকি উগ্ৰপন্থীক । উগ্ৰপন্থী দুটাই পলাই যাবলৈ চেষ্টা কৰিছিল যদিও পিছত অনুসৰণ কৰি আটক কৰা হৈছিল।আটকাধীন দুই কুকি উগ্ৰপন্থীৰ পৰা ২২ টা চাবোন কেছত মুঠ ২৭২ গ্ৰাম সন্দেহজনক হেৰোইন জব্দ কৰা হৈছে বুলি মণিপুৰ আৰক্ষীয়ে জনিবলৈ দিয়ে। আটকাধীন কেএনএলএফৰ কেডাৰ পাওমিনলুন আৰু কেএনঅ’/পাকনৰ কেডাৰ এইচএল চেইখোংম মেট বুলি চিনাক্ত কৰা হৈছে। জব্দকৃত ড্ৰাগছৰ সৈতে দুই অভিযুক্তক পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে কাকচিং আৰক্ষী থানালৈ হস্তান্তৰ কৰা হৈছে ।।

You might also like
Leave A Reply

Your email address will not be published.