ইৰাক আৰু ছিৰিয়াত আমেৰিকাৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক!

ইৰাণৰ সৈতে জড়িত সন্ত্ৰাসবাদী গোটসমূহক লক্ষ্য কৰি এই বিমান আক্ৰমণ

ইণ্টাৰনেচনেল ডেস্ক:

ৰ্ডানৰ আক্ৰমণৰ পিছত ইৰাক আৰু ছিৰিয়াত আমেৰিকাৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক। শুকুৰবাৰে ইৰাণৰ সৈতে জড়িত সন্ত্ৰাসবাদী গোটসমূহক লক্ষ্য কৰি সংঘটিত কৰে এই বিমান আক্ৰমণ। ইৰাক আৰু ছিৰিয়াত ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডৰ সমৰ্থনপ্ৰাপ্ত মিলিচীয়াসমূহৰ ৮৫ টাতকৈও অধিক লক্ষ্যৰ ওপৰত এই আক্ৰমণ। খবৰটো সদৰি কৰে আমেৰিকান সেনাই। উল্লেখ্য যে যোৱা সপ্তাহৰ শেষৰ ফালে ইৰাণ সমৰ্থিত সন্ত্ৰাসবাদীৰ জৰ্ডানস্থিত আমেৰিকাৰ সেনাৰ ওপৰত আক্ৰমণত ৩ জন আমেৰিকান সেনা নিহত হোৱাৰ বিপৰীতে আহত হৈছিল আন ৪০ জন সেনা জোৱান। এই আক্ৰমণৰ প্ৰতি ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰশাসনে দিয়া সঁহাৰিৰ ফলশ্ৰুতিৰ পৰিনাম এই বিমান আক্ৰমণ বুলি অনুমান কৰা হৈছে।

​আক্ৰমণত কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ, ৰকেট, মিছাইল আৰু ড্ৰ’ন ষ্ট’ৰেজ ফেচিলিটিৰ লগতে লজিষ্টিক আৰু মিউনিচন চাপ্লাই চেইনৰ সুবিধাকে ধৰি একাধিক লক্ষ্যত আঘাত হানে।

আমেৰিকাৰ আক্ৰমণে ইৰাণৰ ভিতৰৰ কোনো স্থানক লক্ষ্য কৰি লোৱা নাছিল। অবশ্যে গাজাত হামাছৰ উগ্ৰপন্থীৰ সৈতে ইজৰাইলৰ তিনিমহীয়া যুদ্ধৰ মাজতে এই আক্ৰমণে মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।।

You might also like
Leave A Reply

Your email address will not be published.