এজন পূজাৰীৰ ব্যতিক্ৰমী পদক্ষেপ!

টা ব্যতিক্ৰমী মন্দিৰ আৰু এজন পূজাৰীৰ ব্যতিক্ৰমী পদক্ষেপে বৰ্তমান সংবাদ মাধ্যমত সৰৱ চৰ্চা লাভ কৰিছে। পুজাৰীজনে
মন্দিৰৰ দান বৰঙণিৰ টকাৰে ৰাইজৰ বাবে জৰুৰীকালীন এম্বুলেন্স সেৱা মুকলি কৰিছে। পুজাৰীজনে মন্দিৰৰ দান বৰঙণিৰ টকাৰে ৰাইজৰ বাবে এখন এম্বুলেন্স ক্ৰয় কৰিছে।

ইতিমধ্যে ব্যতিক্ৰমী মন্দিৰৰ বাবে অসমৰ সংবাদ মাধ্যমত চৰ্চা লাভ কৰা পুজাৰীজনে মন্দিৰটোত থকা দেৱদেৱীৰ লগতে নিৰ্মাণ কৰি লোৱা নিজৰ আৰু নিজৰ জীৱিত পত্নীৰ প্ৰতিমূৰ্ত্তিত নিতৌ পূজা আব্যাহত ৰাখিছে।

ব্যতিক্ৰমী পুজাৰীজন চতিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ঘিলাধাৰী নদীৰ সমীপত থকা পঞ্চমূখী হনুমানন মন্দিৰত পূজা আৰ্চনা কৰে।পুজাৰীজনৰ নাম বাবা ৰাম দাস সন্তজী মহাৰাজ। জানিব পৰা মতে, তেখেতে সপোনত ঈশ্বৰে নিৰ্দেশ দিয়াৰ ববে জনসাধাৰণ বাবে এই বিশেষ উপহাৰ আগবঢ়াই। ২০০৮ চনৰ পৰা ভক্ত প্ৰাণ ৰাইজৰ পৰা পোৱা দান-বৰঙনিৰে এম্বুলেন্স কিনি ৰাইজলৈ উচৰ্গা কৰিছে এইগৰাকী চতিয়াৰ পূজাৰীয়ে।

চতিয়াৰ পঞ্চমুখী হনুমান মন্দিৰৰ পুৰোহিত বাবাই কিনা এই এম্বুলেন্স খনৰ জড়িয়তে ৰোগীসকলে বিশেষকৈ উপকৃত হ’ব। যি সকল ৰোগীৰ সামৰ্থ্য আছে কেৱল তেল ভৰালেই পাব এই এম্বোলেন্স সেৱা আৰু যি সকল ৰোগীৰ সামৰ্থ্য নাই তেওঁলোকে বিনামুলীয়াকৈ লাভ কৰিব এই এম্বুলেন্স সেৱা৷ জৰুৰীকালীন সময়ত এম্বুলেন্স লাগিলে মন্দিৰ কৰ্তৃপক্ষৰ লগত 8486312848 নম্বৰত যোগাযোগ কৰিলেই ৰোগীয়ে লাভ কৰিব এম্বুলেন্স সেৱা ৷

চতিয়াৰ এই পূজাৰীজনৰ মহানুভৱতাই সমাজৰ প্ৰতি উৎকৃষ্ট নিৰ্দশন দাঙি ধৰিবলৈ সক্ষম হৈছে।

You might also like
Leave A Reply

Your email address will not be published.