আজি ৫ এপ্ৰিল

➡️আজি ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস।
➡️বিশ্ব স্বাস্থ্য দিৱস।
➡️১৬৭১ চনত শৰাইঘাটৰ ৰণৰ পৰাজয়ৰ গ্লানি লৈ মোগল সেনাপতি ৰাম সিংহৰ অসমৰ পৰা প্ৰত্যাৱৰ্তন।
➡️১৮২৭ চনত প্ৰখ্যাত ইংৰাজ চিকিৎসক যোছেফ লিষ্টাৰৰ জন্ম হয়।
➡️১৮৯৪ চনত বিশিষ্ট শিল্পপতি ঘনশ্যাম দাস বিড়লাৰ (জি ডি বিড়লা নামে খ্যাত) জন্ম।
➡️১৯০৭ চনত ভাৰতত বয় স্কাউট আন্দোলনৰ সূচনা হয়। পিছলৈ ই ‘ভাৰত স্কাউটছ এণ্ড গাইডছ’ নামেৰে পৰিচিত হয়।
➡️১৯৪০ চনত বাংলা দৈনিক ‘আনন্দবাজাৰ পত্ৰিকা’ত ‘আনন্দমেলা’নামেৰে এটা শিশু শিতান আৰম্ভ। ভাৰতৰ আঞ্চলিক ভাষাৰ দৈনিক কাকতত ইয়েই প্ৰথম শিশু শিতান।
➡️১৯৫৭ চনত বিশ্বৰ প্ৰথম নিৰ্বাচিত কমিউনিষ্ট চৰকাৰ ভাৰতৰ কেৰেলাত গঠিত। মুখ্যমন্ত্ৰী হয় ই এম এছ নাম্বুদ্ৰিপাদ।
➡️২০০২ চনত সাহিত্যিক লুম্মেৰ দাইৰ মৃত্যু হয়।
➡️২০০৫ চনত ১৩ টা বলাৎকাৰ আৰু এটা হত্যাৰ অভিযোগত তামিলনাডুৰ তিৰুচিপাপল্লী আশ্ৰমৰ গুৰুস্বামী প্ৰেমানন্দক যাৱজ্জীৱন কাৰাদণ্ড।

You might also like
Leave A Reply

Your email address will not be published.