প্ৰকৃতিৰ প্ৰলয়!৭.২ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ’ল টাইৱানত

বুধবাৰে পুৱা ৭:৫৮ বজাত ৭.৪ ৰিখটাৰ স্কেলৰ প্ৰবল ভূমিকম্পৰ জোকাৰি গ'ল টাইৱানত

বুধবাৰে পুৱা ৭:৫৮ বজাত ৭.৪ ৰিখটাৰ স্কেলৰ প্ৰবল ভূমিকম্পৰ জোকাৰি গ’ল টাইৱানত। ভূমিকম্পই টাইৱানৰ ৰাজধানী টাইপেইৰ লগতে দক্ষিণ জাপান, পূব চীন আৰু ফিলিপাইনছতো ভূমিকম্পৰৰ জোকাৰণি অনুভৱ কৰা হয়।ভূমিকম্পৰ ফলত পূবৰ হুয়ালিয়েন চহৰ আৰু ইয়াৰ আশে-পাশে থকা পাহাৰীয়া গ্ৰাম্য অঞ্চলত এতিয়ালৈকে কমেও সাতজন লোকৰ প্ৰাণহানি হোৱাৰ লগতে ৭৩০ জনৰো অধিক লোক আহত হৈছে।

শক্তিশালী প্ৰাৱল্যৰ ভূমিকম্পত বহু অট্টালিকা বিধ্বস্ত হোৱা পৰিলক্ষিত হয়। টাইৱানত ২ দশকৰ সবাতোকৈ শক্তিশালী ভূমিকম্পৰ পিছতে জাপান, ফিলিপাইনছত ছুনামীৰ আশংকা।

সমান্তৰালকৈ জাপান আৰু ফিলিপাইনছে কিছুমান বিশেষ অঞ্চলত চুনামীৰ সতৰ্কবাণী জাৰি কৰিছে। একাধিক চহৰ খালী কৰা লগতে ফিলিপাইনছৰ ভূমিকম্প বিজ্ঞান সংস্থাই কেইবাখনো প্ৰদেশৰ উপকূলীয় অঞ্চলৰ বাসিন্দাসকলৰ বাবে সতৰ্কবাণী জাৰি কৰি উচ্চ স্থানলৈ স্থানান্তৰিত হ’বলৈ আহ্বান জনায়।

You might also like
Leave A Reply

Your email address will not be published.