কি হ’ব অখিলৰ?

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

এদিনেই বিধান সভাৰ মুখ দেখিলে বিধায়ক অখিল গগৈয়ে। পুনৰ অখিলৰ ঠিকনা হোৱাৰ পথত কাৰাগাৰ। শুকুৰবাৰে শিৱসাগৰৰ নবনিৰ্বাচিত বিধায়ক গৰাকীয়ে NIAৰ আদালতৰ পৰা লাভ কৰা এদিনৰ অনুমতি লৈ বিধান সভাত শপতগ্ৰহণ কৰিছিল। GMCH অত চিকিৎসাধীন অখিলক শপতগ্ৰহণৰ দিনাও এখন চিটি বাছেৰে নিৰাপত্তা বেষ্টনীৰ মাজত বিধান সভালৈ লৈ অনা হৈছিল এগৰাকী হাজোতীৰ ৰূপতেই। বিধান সভাত এগৰাকী বিধায়কে সন্মুখীন হোৱা এই ব্যৱহাৰক লৈ অখিল গগৈয়ে নিজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। অখিলক ৩ দিনীয়া বিধান সভাৰ বাকি দুটা দিনো সদনত থকাৰ অনুমতি দিবলৈ আহ্বান জনাই অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক পত্ৰ দিছিল কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেবব্ৰত শইকীয়াই।
কিন্তু ফল নধৰিল। GMCH অত চিকিৎসাধীন অখিলক পুনৰ কাৰাগাৰলৈ নিয়াৰ হে যো-জা চলিছে।অখিল গগৈৰ পুনৰ স্বাস্থ্য পৰীক্ষা কৰিব চৰকাৰে। এই সন্দৰ্ভত GMCH ৰ চিকিৎসকৰ প্ৰতিবেদন বিছৰা হৈছে।প্ৰতিবেদন পালেই হয়তো বিধায়ক অখিল গগৈৰ পুনৰ ঠিকনা হৈ পৰিব কাৰাগাৰ।

You might also like
Leave A Reply

Your email address will not be published.