মাজনিশাৰ অঘটন

মাজনিশাৰ অঘটন

শুকুৰবাৰে নিশা প্ৰায় ১ বজাত পঞ্জাৱৰ মোগা চহৰৰ সমীপৰ খুৰ্দ গাঁৱত সংঘটিত হয় এক ভয়ংকৰ দূৰ্ঘটনা।ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমান মিগ-২১ এখন দূৰ্ঘটনাত পতিত হোৱাৰ ফলত পাইলট আৰু স্কোৱাড্ৰন লীডাৰ অভিনৱ চৌধুৰী নিহত হয়।নিয়মীয়া প্ৰশিক্ষণৰ বাবে উৰা মৰাৰ সময়তে দূৰ্ঘটনাত পতিত হয় বিমানখন।প্ৰশিক্ষণৰ বাবে বিমানখন ৰাজস্থানৰ ছুৰাটগড়লৈ উৰা মাৰিছিল। বায়ুসেনা কৰ্তৃপক্ষই দূৰ্ঘটনাটোৰ ক’ৰ্ট অব্ এনকুৱেৰীৰ নিৰ্দেশ দিছে।
যোৱা ১৭ মাৰ্চতো মিগ-২১ বাইছন বিমান এখন দূৰ্ঘটনাগ্ৰস্ত হৈ এগৰাকী পাইলটে প্ৰাণ হেৰুৱাইছিল।

নেচনেল ডেস্ক,এন ই ভাৰত

You might also like
Leave A Reply

Your email address will not be published.