চহৰৰ মাজমজিয়াত দুৰ্বৃত্তৰ গুলীত দুজন নিহত

ৰাছিয়াৰ ৰাজধানী চহৰ মস্কোত এজন বন্দুকধাৰীয়ে গুলিয়াই হত্যা কৰে দুজন লোকক। প্ৰাপ্ত খৱৰ মতে, ৰাজধানী চহৰখনৰ দক্ষিণ-পূৱত মস্কো চৰকাৰী সেৱা কেন্দ্ৰ এটাত বন্দুকধাৰী লোকজনে গুলীচালনা কৰাত দুজন লোক নিহত হোৱাৰ লগতে আন চাৰিজন গুৰুতৰভাৱে আহত হয়। আঘাতপ্ৰাপ্তৰ মাজত আছে এজনী ১০ বছৰীয়া কিশোৰী।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৪৫ বছৰীয়া লোক এজনক সন্দেহৰ ভিত্তিত আটক কৰিছে। অৱশ্যে আক্ৰমণৰ লক্ষ্য সন্দৰ্ভত এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

You might also like
Leave A Reply

Your email address will not be published.