চোৰাংচোৱাৰ অভিযোগত গ্ৰেপ্তাৰ এজন সৈনিকক!

ভাৰতীয় সেনাৰ এজন সৈনিকক চোৰাংচোৱাৰ অভিযোগত গ্ৰেপ্তাৰ । সশস্ত্ৰ বাহিনী সম্পৰ্কীয় স্পৰ্শকাতৰ তথ্য প্ৰকাশ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে সৈনিকজনক। ধৃত অভিযুক্ত সৈনিকজন ২৪ বছৰীয়া শান্তিময় ৰাণা বুলি চিনাক্ত কৰা হৈছে । ৰাজস্থানত কৰ্মৰত অৱস্থাত সৈনিকজনক দুজনী পাকিস্তানী মহিলাই হানি ট্ৰেপিঙৰ জালত পেলাইছিল বুলি অভিযোগ উঠিছে। অভিযুক্তই ছ’চিয়েল মিডিয়াৰ জৰিয়তে গোপন তথ্য ফাদিল কৰিছিল ।অভিযুক্তজনে তিনিটা পৃথক মোবাইল নম্বৰ ব্যৱহাৰ কৰি কেইবাটাও সামাজিক মাধ্যমৰ একাউণ্ট সৃষ্টি কৰিছিল। এইবোৰ ব্যৱহাৰ কৰি অভিযুক্ত সৈনিকজনে পাকিস্তানী চোৰাংচোৱা সংস্থাৰ মহিলা সকলৰ সৈতে কথা পতাৰ লগতে তেওঁলোকক গুৰুত্বপূৰ্ণ তথ্য যেনে সেনা গোট, অৱস্থান, ফটো, ভিডিঅ’ আৰু অন্যান্য তথ্য প্ৰেৰণ কৰিছিল বুলি ইণ্টেলিজেঞ্চৰ এডিজি এছ চেঙ্গাথিৰে সদৰি কৰিছে।

ইফালে, অভিযুক্ত শান্তিময় ৰাণা ৰাজ্যিক আৰক্ষীৰ চোৰাংচোৱা গোটৰ ৰাডাৰৰ অধীনত আছিল আৰু ২৫ জুলাইত জেৰাৰ বাবে আটক কৰা হৈছিল বুলি ইণ্টেলিজেঞ্চৰ ডিজি উমেশ মিশ্ৰাই জানিবলৈ দিয়ে । অভিযুক্তৰ সৈতে সম্পৰ্কত থকা মহিলাসকলক গুৰনুৰ কৌৰ ওৰফে অংকিতা আৰু নিশা বুলি চিনাক্ত কৰা হৈছে। ৰাজস্থান আৰক্ষীৰ বিশেষ শাখাই বৰ্তমান ঘটনাটোৰ তদন্ত কৰি আছে।।

You might also like
Leave A Reply

Your email address will not be published.