মেফেড্ৰোন ঔষধসহ গ্ৰেপ্তাৰ এটা সৰবৰাহকাৰী!

ড্ৰাগছৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে পুনে আৰক্ষীৰ বৃহৎ সফলতা। পুনেৰ বিমাননগৰ অঞ্চলৰ পৰা বৃহৎ পৰিমানৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ এটা সৰবৰাহকাৰী । ধৃত অভিযুক্ত আমালনাৰৰ সম্ভাজিনাৰৰ ৰবীন্দ্ৰ অৰবিন্দ বিৰহাদে (২৬) বুলি চিনাক্ত কৰা হৈছে ।অভিযানৰ সময়ত আৰক্ষীয়ে ১.৭ কোটি টকাৰ ৭১৪ গ্ৰাম মেফেড্ৰোন ঔষধ জব্দ কৰে। আৰক্ষীয়ে অভিযুক্তৰ বেগৰ পৰা ড্ৰাগছৰ পেকেট কৰিবলৈ ব্যৱহৃত প্লাষ্টিকৰ মোনা, এটা ইলেক্ট্ৰনিক ওজন যন্ত্ৰ আৰু অন্যান্য সামগ্ৰীও জব্দ কৰে। অভিযুক্তটোৰ বিৰুদ্ধে নাৰ্কোটিক্স ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স এক্ট (এনডিপিএছ)ৰ ধাৰা ৮(গ), ২১(গ) আৰু ২৯ ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.