জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

নিৰাপত্তাৰক্ষীৰ গুলিচালনাত নিহত এটা সন্ত্ৰাসবাদী

নেচনেল ডেস্ক:

ম্মু-কাশ্মীৰৰ পুলৱামা জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ। এক গোপন খবৰৰ ভিত্তিত নিৰাপত্তাৰক্ষী বাহিনীয়ে জিলাখনৰ আৰিহাল অঞ্চলৰ নিউ কলনীত ফলৰ বাগিচাসমূহত বৃহস্পতিবাৰে চলায় সন্ত্ৰাসবাদী বিৰোধী অভিযান । অভিযানকালত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হোৱা গুলিচালনাত নিহত হয় এটা সন্ত্ৰাসবাদী। বৰ্তমানেও নিহত সন্ত্ৰাসবাদীটোৰ পৰিচয় উদ্ধাৰ হোৱা নাই। অধিক সন্ত্ৰাসবাদীৰ লুকাই থকাৰ সন্দেহত নিৰাপত্তাৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

আন এক পৃথক অভিযানত ৰাজ্যখনৰ কুপৱাৰা জিলাত নিৰাপত্তাৰক্ষীয়ে উৎখাত কৰে নিষিদ্ধ লস্কৰ-ই-তৈবাৰ এটা শিবিৰ। লগতে নিৰাপত্তাৰক্ষীয়ে আটক কৰে নিষিদ্ধ সংগঠনটোৰ লগত জড়িত দুই সহযোগীক।।

You might also like
Leave A Reply

Your email address will not be published.