আজি বিশ্ব এইডছ দিৱস

এই দিৱস পালনৰ তাৎপৰ্য জানো আহক…

নেচনেল ডেস্ক:

জি বিশ্ব এইডছ দিৱস। প্ৰতি বছৰে ডিচেম্বৰ মাহৰ ১ তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব এইডছ দিৱস পালন কৰা হয়। বিশ্বজুৰি এইডছ দিৱস পালনৰ উদ্দেশ্য হৈছে ৰোগবিধৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা। অসমতো সমান্তৰাল ভাৱে বৃদ্ধি হৈছে এইডছ আক্ৰান্তৰ সংখ্যা।
জানিব পৰা মতে এইডছ দিৱস ১৯৮৮ চনৰ পৰা পালন কৰি অহা হৈছে৷ ছুইজাৰলেণ্ডৰ জেনেভাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ দুজন ৰাজহুৱা তথ্য বিষয়া জেমছ বান আৰু থমাছ নেটাৰে ১৯৮৭ চনৰ আগষ্টত পোন প্ৰথমবাৰৰ বাবে UNAIDS-ৰ ড॰ জনাথন মেনৰ আগত বিশ্ব এইডছ দিৱস পালনৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে আৰু এই পৰিকল্পনাত সঁহাৰি জনাই ড॰ মেনে ১৯৮৮ চনৰ ১ ডিচেম্বৰত প্ৰথম বিশ্ব এইডছ দিৱস পালনৰ পোষকতা কৰে৷ ২০২৩ বৰ্ষৰ বিশ্ব এইডছ দিৱসৰ মূল বিষয়বস্তু হৈছে- “Let communities lead”। যিয়ে এইডছৰ বিৰুদ্ধে যুঁজ দিয়াত সমাজৰ গুৰুত্বপূৰ্ণ ভূমিকাক সূচায়।

You might also like
Leave A Reply

Your email address will not be published.