জম্মু-কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত নৈশ সান্ধ্য আইন জাৰি!

জম্মু-কাশ্মীৰৰ চাম্বা জিলাত আন্তঃৰাষ্ট্ৰীয় সীমান্তত নৈশ সান্ধ্য আইন জাৰি। দুমাহৰ বাবে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ প্ৰায় ১ কিলোমিটাৰ ব্যাসাৰ্ধত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন। কুঁৱলীময় বতৰত সীমান্ত অতিক্ৰম কৰি অনুপ্ৰৱেশ আৰু ড্ৰ’নৰ জৰিয়তে অস্ত্ৰ সৰবৰাহৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জিলা দণ্ডাধীশ অনুৰাধা গুপ্তাই জানিবলৈ দিয়ে। চাম্বা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ১ কিলোমিটাৰ পৰ্যন্ত অঞ্চলটোত নিশা ৯ বজাৰ পৰা পুৱা ৬ বজালৈ সাধাৰণ নাগৰিকৰ চলাচল নিষিদ্ধ কৰা হৈছে। উল্লেখ্য যে, জিলা পৰ্যায়ৰ স্থায়ী সমিতিৰ বৈঠকৰ সময়ত সীমান্ত নিৰাপত্তা বাহিনী (বিএছএফ)ৰ কৰ্তৃপক্ষই নৈশ সান্ধ্য আইন জাৰি কৰাৰ বিষয়ে পৰামৰ্শ আগবঢ়াইছিল।।

You might also like
Leave A Reply

Your email address will not be published.