দেশত দ্ৰুতগতিত বাঢ়িছে সংক্ৰমণ

ভাৰতত দ্ৰুতগতিত বৃদ্ধি অ’মিক্ৰনৰ সংক্ৰমণ। দেশত এতিয়ালৈকে ৩০০ ৰো অধিক লোক আক্ৰান্ত হৈছে কোভিড-১৯ ৰ এই নতুন ভেৰিয়েণ্টত। মহাৰাষ্ট্ৰত অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক। মহাৰাষ্ট্ৰত ৬৫ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰিতে দিল্লীত আক্ৰান্ত হৈছে ৬৪ গৰাকী। তেলেংগানা আৰু তামিলনাডুত ক্ৰমান্বয়ে ৩৮ আৰু ৩৪ লৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা। আনহাতে কৰ্ণাটকত ৩১ আৰু কেৰালাত ২৯ গৰাকী লোক নতুন ভেৰিয়েণ্টত আক্ৰান্ত হোৱাৰ কথা এতিয়ালৈকে নিশ্চিত কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.