নগালেণ্ডত অনলাইন ILP পৰ্টেল মুকলি

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ই বৃহস্পতিবাৰে মুকলি কৰে এটা ইনাৰ লাইন পাৰ্মিট (আইএলপি) পৰ্টেল। ইয়াৰ জৰিয়তে অধিক শ্ৰেণীৰ আবেদনকাৰীক অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে এই ইনাৰ লাইন পাৰ্মিট (আইএলপি) পৰ্টেলটো মুকলি কৰা হৈছে ।নতুন মডিউলটোত ব্যৱসায়ী, শ্ৰমিক, পুৰোহিত আৰু শিক্ষাৰ্থীৰ দৰে অন্যান্য শ্ৰেণীক সামৰি লোৱা হ’ব। ৰাজহুৱা সেৱাসমূহ অধিক দক্ষ আৰু ব্যৱহাৰকাৰী-অনুকূল ভাৱে উপলব্ধ কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ ই এটা অংশ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ৰিঅ’ই।

উল্লেখ্য যে, পৰ্যটকসকলৰ বাবে অনলাইন আইএলপি ২০১৯ চনৰ নৱেম্বৰত কাৰ্যকৰী কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.