নিউজিলেণ্ডত প্ৰকৃতিৰ তাণ্ডৱ

প্ৰচণ্ড ভূমিকম্পই জোকাৰিলে নিউজিলেণ্ডক

ইণ্টাৰনেচনেল ডেস্ক:

নিউজিলেণ্ডত প্ৰকৃতিৰ তাণ্ডৱ। প্ৰচণ্ড ভূমিকম্পই জোকাৰিলে নিউজিলেণ্ডক। দেশখনৰ কেৰমাডেক দ্বীপপুঞ্জত সংঘটিত হয় ভূমিকম্পটো। ৰিখটাৰ স্কেলত ৭.১ প্ৰাবল্যত অনুভূত হয় এই ভূমিকম্প। ভূমিকম্পটোৰ উৎস ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত।খবৰটো সদৰি কৰে আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে। ইফালে ভূমিকম্পৰ পিছত ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। আমেৰিকাৰ চুনামী সতৰ্কবাণী ব্যৱস্থাই ৩০০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ওচৰৰ, জনবসতিহীন দ্বীপসমূহক লৈ জাৰি কৰিছে চুনামীৰ সতৰ্কবাণী।।

You might also like
Leave A Reply

Your email address will not be published.