আফগানিস্তানত ভয়ংকৰ পথ দুৰ্ঘটনা!

দুৰ্ঘটনাত ১৭ জন সোণ খনিৰ কৰ্মী নিহত হোৱাৰ লগতে ৭ জন লোক গুৰুতৰভাৱে আহত

ইণ্টাৰনেচনেল ডেস্ক:

ফগানিস্তানৰ তাখাৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা। তাখাৰ প্ৰদেশৰ আঞ্জিৰ অঞ্চলৰ সোণৰ খনিলৈ যোৱাৰ সময়তে চাহ আব জিলাত বাগৰি পৰে বাছখন। দুৰ্ঘটনাত ১৭ জন সোণ খনিৰ কৰ্মী নিহত হোৱাৰ লগতে ৭ জন লোক গুৰুতৰভাৱে আহত হয়। মৃত আৰু আহতসকল সোণৰ খনিৰ শ্ৰমিক আছিল বুলি জিলাখনৰ গৱৰ্ণৰ মোল্লা জামানুদ্দিনে জানিবলৈ দিয়ে। আহত লোকসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.