নিৰ্বাচনমুখী নাগালেণ্ডত হিচাপবিহীন নগদ ধন উদ্ধাৰ!

নিৰ্বাচনমুখী নাগালেণ্ডৰ কোহিমা জিলাৰ মণিপুৰ সীমান্তৰ সমীপৰ এটা স্থানত হিচাপবিহীন এক কোটি নগদ ধন কঢ়িয়াই অনা এগৰাকী মহিলাক গ্ৰেপ্তাৰ। খুজামা আন্তঃৰাজ্যিক চেক গেটত মণিপুৰৰ পঞ্জীয়নভুক্ত বাহন এখনৰ সন্ধান কৰি থকাৰ সময়তে ষ্টেটিক চাৰ্ভিলেন্স টিমৰ সদস্যসকলে উদ্ধাৰ কৰে এই নগদ ধন। নিয়ম অনুসৰি আয়কৰ বিভাগে উদ্ধাৰ হোৱা নগদ ধনখিনি জমা লয়। নগদ ধন কোনো ৰাজনৈতিক দলৰ বাবে আছিল নেকি সেয়া এতিয়াও নিশ্চিত হোৱা নাই বুলি জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত শনাভাছ চিয়ে জনাইছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

উল্লেখ্য যে, অহা ২৭ ফেব্ৰুৱাৰীত নাগালেণ্ডকে ধৰি উত্তৰ-পূবৰ ৩ ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।।

You might also like
Leave A Reply

Your email address will not be published.