ভয়ংকৰ জাহাজ দুৰ্ঘটনা!

মাদাগাস্কাৰৰ উত্তৰ-পূব উপকূলত ভয়ংকৰ জাহাজ দুৰ্ঘটনা। জানিব পৰা মতে, মাদাগাস্কাৰৰ উত্তৰ-পূব উপকূলত অবৈধভাৱে ১৩০ জন যাত্ৰী কঢ়িয়াই অনা ফ্ৰাঞ্চিয়া নামৰ এখন মালবাহী জাহাজ ডুবি যায়। যাৰ ফলত কমেও ১৭ জন লোক নিহত হয় আৰু ৬৮ জন সন্ধানহীন হৈ পৰে ।

ইফালে সামুদ্ৰিক আৰু নদী বন্দৰ সংস্থাৰ মতে, ভাৰত মহাসাগৰৰ বুকুৰ পৰা কমেও ৪৫ জন লোকক উদ্ধাৰ কৰা হৈছে। ফ্ৰাঞ্চিয়া নামৰ জাহাজখনে সোমবাৰে পুৱতি নিশা পূব মানানাৰা উত্তৰ জিলাৰ এণ্টানামবে চহৰৰ পৰা দক্ষিণে চ’নিয়াৰানা ইভংগো বন্দৰৰ ফালে গৈ আছিল।।

You might also like
Leave A Reply

Your email address will not be published.