ভয়ংকৰ পথ দুৰ্ঘটনা!

নেচনেল ডেস্ক:

দেওবাৰে ওড়িশাৰ ধেনকানাল জিলাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটো সংঘটিত হয় কামাখ্যানগৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত থকা পাথাৰাখুম্বাৰ সমীপৰ ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথত । তীব্ৰবেগী এখন ট্ৰাক আৰু এখন অটোৰিক্সাৰ মুখামুখি সংঘৰ্ষৰ ফলত অটোখনৰ চালকসহ পাঁচজন লোক থিতাতে নিহত হয়। মৃত লোকসকল কামাখ্যানগৰ আৰক্ষী থানাৰ অন্তৰ্গত বংগুৰা গাঁৱৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাকখনৰ চালক আৰু সহায়কে পলায়ন কৰে। মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.