আজি ২৯ আগষ্ট

➡️ আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস।
➡️ ১৮৬২ চনৰ ২৯ আগষ্টত বেলজিয়ামৰ কবি, নাট্যকাৰ মৰিচ মেটাৰলিংকৰ জন্ম হৈছিল।
➡️ ভাৰতপ্ৰেমী ইংৰাজ নৃতত্ত্ববিদ আৰু সাহিত্যিক ভেৰিয়াৰ এলউইনৰ জন্ম হৈছিল ১৯০২ চনৰ ২৯ আগষ্টত।
➡️ সমগ্ৰ কোৰিয়া জাপানৰ অধীনলৈ গৈছিল ১৯১০ চনৰ আজিৰ দিনটোতে।
➡️ ১৯১৫ চনৰ ২৯ আগষ্টত হলীউডৰ প্ৰখ্যাত অভিনেত্ৰী ইনগ্ৰিড বাৰ্গমেনৰ জন্ম হৈছিল।
➡️ ভীমৰাও আম্বেদকাৰক অধ্যক্ষ ৰূপে লৈ ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন কৰা হৈছিল ১৯৪৭ চনৰ ২৯ আগষ্টত। ১৯৪৮ চনৰ ২১ ফেব্ৰুৱাৰীত এই সমিতিয়ে সংবিধানৰ খচৰা দাখিল কৰে আৰু ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধানখনক চূড়ান্ত ৰূপ দিয়া হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা সংবিধানখন বলৱৎ হয়। সেইদিনাৰ পৰা ভাৰতো এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ ৰূপে পৰিগণিত হয়।
➡️ ১৯৭৬ চনৰ ২৯ আগষ্টত বিদ্ৰোহী কবি কাজী নজৰুল ইছলামৰ মৃত্যু হৈছিল।
➡️ আন্তৰ্জাতিক চলচ্চিত্ৰকাৰ ইংগমাৰ বাৰ্গমেনৰ মৃত্যু হৈছিল ১৯৮২ চনৰ আজিৰ দিনটোতে।
➡️ ১৯৯১ চনৰ ২৯ আগষ্টত ভাৰতৰ দ্বিতীয়টো সুদূৰ সংবেদী উপগ্ৰহ IRS-1B উৎক্ষেপণ কৰা হৈছিল । এইটো আছিল ছোভিয়েট ৰাছিয়াৰ পৰা উৎক্ষেপিত পঞ্চমটো সফল উপগ্ৰহ। ইছৰোৰ (ISRO) দ্বাৰা নিৰ্মিত IRS-1B ক IRS-1Aৰ আয়ুসকাল চমু চাপি অহা বাবে তাৰ ঠাইত স্থাপন কৰা হৈছিল ।
➡️ ২০০৩ চনৰ ২৯ আগষ্টত উত্তৰ প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী ৰূপে মুলায়েম সিং যাদৱে শপত গ্ৰহণ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.