মাজ আকাশত হাহাকাৰ!

মাজ আকাশত মৃত্যু হ’য় এগৰাকী বিমান যাত্ৰীৰ

নেচনেল ডেস্ক:

মাজ আকাশত হাহাকাৰ!সোমবাৰে দিল্লীৰ পৰা দোহা অভিমুখী ইণ্ডিগ’ বিমানখনত সংঘটিত হয় এক শোকাৱহ ঘটনা। মাজ আকাশত মৃত্যু হ’য় এগৰাকী বিমান যাত্ৰীৰ। 6E-1736 নম্বৰৰ ইণ্ডিগ’ৰ বিমানখনেৰে যাত্ৰা কৰি থকাৰ সময়তে হঠাৎ বিমানখনৰ ভিতৰত অসুস্থ হৈ পৰে যাত্ৰী গৰাকী।যাত্ৰীগৰাকী অসুস্থ হোৱাৰ পিছতে বিমান 6E-1736 বিমানখনে জৰুৰী অৱতৰণ কৰে পাকিস্তানৰ কৰাচী বিমান বন্দৰত। অবশ্যে বিমানখন অৱতৰণ কৰাৰ আগতেই যাত্ৰী গৰাকীৰ মৃত্যু ঘটে বুলি জানিবলৈ দিয়ে ইণ্ডিগ’ বিমান কতৃপক্ষই।যাত্ৰীগৰাকীক বিমানবন্দৰৰ চিকিৎসকৰ দলে ততাতৈয়াকৈ চিকিৎসা আৰম্ভ কৰিছিল যদিও চিকিৎসকৰ দলে মৃত বুলি ঘোষণা কৰে।

মৃত ব্যক্তিজন নাইজেৰিয়াৰ বাসিন্দা ৬০ বছৰীয়া আব্দুল্লা বুলি চিনাক্ত কৰা হৈছে। অৱশ্যে বিমানৰ আন যাত্ৰীসকলক দোহাৰ অভিমুখে যাবলৈ ব্যৱস্থা কৰি দি মৃত যাত্ৰীগৰাকীৰ নশ্বৰ দেহ দিল্লীলৈ অনাৰ ব্যৱস্থা কৰে বিমান কৰ্তৃপক্ষই। যাত্ৰীগৰাকীৰ মৃত্যুত পৰিয়াললৈ গভীৰ শোক আৰু সমবেদনা জ্ঞাপন কৰে ইণ্ডিগ’ পৰিয়ালে।।

You might also like
Leave A Reply

Your email address will not be published.