সভ্যতাত আঁচোৰ

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

মহানগৰীৰ সভ্যতাত আকৌ এবাৰ আসুৰিক আঁচোৰ। এগৰাকী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগত মহানগৰ আৰক্ষীৰ জালত পৰিল ভাড়াঘৰৰ মালিক সহ দুই লম্পট। জানিব পৰা মতে মহানগৰীৰ পাঞ্জাবাৰীৰ জুৰিপাৰ অঞ্চলৰ ইছুফুদ্দিন আলীৰ ঘৰত দীৰ্ঘদিনে ভাড়াতীয়া ৰূপে বাস কৰি আহিছে এটা দৰিদ্ৰ পৰিয়ালে।একেটা ঘৰৰ চৌহদতে বসবাস কৰি আহিছে ভাড়াতীয়া মুকুট আলীয়ে। দৰিদ্ৰ পৰিয়ালটোৰ পিতৃ-মাতৃয়ে ঘৰত ১৩ বছৰীয়া কণ্যাক অকলে এৰি হাজিৰা কৰিবলৈ ওলাই যোৱাৰ সুযোগ লৈ দুই লম্পট মুকুট আলী আৰু ঘৰৰ মালিক ইছুফুদ্দিনে অকলশৰীয়া কিশোৰী গৰাকীক ধৰ্ষণ কৰি আহিছিল। এই সন্দৰ্ভত কাকো নকবলৈ কিশোৰী গৰাকীক দুই লম্পটে ভাবুকি প্ৰদান কৰিছিল।

কিন্তু কিশোৰী গৰাকীৰ স্বাস্থ্যৰ অস্বাভাৱিক অবস্থা দেখি পিতৃ-মাতৃৰ সন্দেহ হৈ প্ৰশ্ন কৰাত সত্য পোহৰলৈ আহে।ইতিমধ্যে ৩ মাহৰ অন্ত:সত্বা হৈ পৰা কিশোৰী গৰাকীৰ পিতৃ-মাতৃয়ে এই সন্দৰ্ভত যোৱা ৭ মে’ত দিছপুৰ আৰক্ষী থানাত এক গোচৰ তৰাৰে পৰা আত্মগোপন কৰি আছিল অভিযুক্ত দুই লম্পটে।

স্থানীয় ৰাইজে দুই লম্পটৰ গ্ৰেপ্তাৰৰ দাবীত আন্দোলনৰ কাৰ্যসূচীও গ্ৰহণ কৰিছিল। অবশেষত শণিবাৰে সন্ধিয়া উপপৰিদৰ্শক আভাৰাণী গগৈৰ নেতৃত্বত দিছপুৰ আৰক্ষীৰ এটা দলে দুই লম্পটক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।।

You might also like
Leave A Reply

Your email address will not be published.