কেনে আছে দেৱাংগনা !

নেচ’নেল ডেস্ক– ‘কা’ বিৰোধী আন্দোলনৰ বাবেই যোৱা বছৰ গ্ৰেপ্তাৰ হৈছিল দেৱাংগনা কলিতা। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী দেৱাংগনা কলিতাৰ কাৰাবন্দীত্বই সম্পূৰ্ণ কৰিলে আজি এটা বছৰ। নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰোধীতাৰে দেশৰ ৰাজধানী দিল্লীত গণতান্ত্ৰিক প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ অপৰাধত যোৱা বছৰৰ আজিৰ দিনটোতে ভাৰত চৰকাৰৰ গৃহ বিভাগে গ৯ৱেষক ছাত্ৰীগৰাকীক ৪৮ /২০২০, ৫০ / ২০২০ আৰু ২৫০/২০১৯ এই তিনিটা গোচৰত গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত পুনৰ ৫৯ / ২০২০ গোচৰটোও জাপি দিয়ে। ইয়াৰ পিছতেই দেৱাংগনা কলিতাৰ ওপৰত Unlawful Activity Prevention Act চমুকৈ UAPA আইন জাপি দি হত্যা,সন্ত্ৰাসবাদ আৰু অন্যান্য অপৰাধমূলক গোচৰ ৰুজু কৰে। বৰ্তমান দেৱাংগনা দিল্লীৰ তিহাৰ জেলত বন্দী হৈ আছে।

You might also like
Leave A Reply

Your email address will not be published.